মনৰ কথাৰে
হৃদয়ৰ গহনতম কোণৰ অনুভূতিবোৰৰ প্ৰকাশেই কবিতা। জীৱন নদীৰ দুই পাৰত উঠা হাঁহি- কান্দোনৰ কত যে লহৰে সংসাৰৰ পৰিভাষাকে বুজাই দিয়ে। মোৰ জীৱনৰ তিতা, কেঁহা আৰু ৰসাল অভিজ্ঞতাক মই সযতনে ৰাখিছোঁ।ইয়ে মোক প্ৰেৰণাও দিয়ে, জীয়াই থকাৰ পথো সূচায়। কিছু চালুকীয়া ভাৱানুভূতি, কিছু প্ৰগতিশীল চেতনা আৰু কিছুমান চিনাকি চিনাকি লগা অন্তৰৰ নিচেই কাষৰ ভাৱ বিলাক । ভাষা আৰু ভাৱৰ এই সংগমময় অনুভূতিবোৰকে প্ৰকাশ কৰাৰ দিহা কৰা হৈছে।